Jun 30th, 2026 |

icon

Need Help? call us free

9435444086

News & Updates

গোলাঘাট জাতীয় বিদ্যালয়ে আজি অনুষ্ঠিত কৰা হয়' প্ৰজ্ঞা স্মৰণ ' শীৰ্ষক এক অনুষ্ঠান। বিদ্যালয়খনৰ প্ৰয়াত প্ৰতিষ্ঠাপকসকলৰ স্মৃতিচাৰণৰ অৰ্থে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুষ্ঠিত কৰা হয় এই ' প্ৰজ্ঞা স্মৰণ ' কাৰ্যসূচী।

Jun 30th, 2026

গোলাঘাট জাতীয় বিদ্যালয়ে আজি অনুষ্ঠিত কৰা হয়' প্ৰজ্ঞা স্মৰণ ' শীৰ্ষক এক অনুষ্ঠান। বিদ্যালয়খনৰ প্ৰয়াত প্ৰতিষ্ঠাপকসকলৰ স্মৃতিচাৰণৰ অৰ্থে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুষ্ঠিত কৰা হয় এই ' প্ৰজ্ঞা স্মৰণ ' কাৰ্যসূচী। কাৰ্যসূচীৰ লগত সংগতি ৰাখি তথা আজি ড° নিৰ্মলপ্ৰভা বৰদলৈ জীৱনৰ আধাৰত আলেখ্য পৰিৱেশন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰয়াত প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ কন্দৰ্প তামূলী, জেহিৰুল হুচেইন, প্ৰফুল্ল চন্দ্ৰ চলিহা, অন্যতম প্ৰতিষ্ঠাপক তথা বিশিষ্ট ব্যৱসায়ী অজিত বৰুৱা, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী নীলিমা বৰুৱা, প্ৰতিষ্ঠাপক সহ শিক্ষয়িত্ৰী তথা প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ষড়াননী বৰদলৈ খাউণ্ডৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱা প্ৰমুখ্যে ন্যাসৰ অন্যান্য সদস্য আৰু প্ৰয়াত সকলৰ পৰিয়ালৰ লোকে তথা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে। ড° নিৰ্মলপ্ৰভা বৰদলৈ জীৱনৰ আধাৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সুন্দৰ অনুষ্ঠান পৰিবেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।