আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় গণিত দিৱস। ভাৰতৰ সুসন্তান তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰৰ জন্ম দিৱসটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে আজি গোলাঘাট জাতীয় বিদ্যালয়ত দুটা বিশেষ কাৰ্যসূচীৰ মাজেৰে ৰাষ্ট্ৰীয় গণিত দিৱসৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা বৰা আৰু উপাধ্যক্ষ বনশ্ৰী কাকতি ডাঙৰীয়ানীয়ে। ইয়াৰ পিছতে বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী অনুব্ৰতা হাজৰিকাই শ্ৰীনিবাস ৰামানুজনৰ জীৱন আৰু গণিত শাস্ত্ৰলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে চমু বক্তৃতা আগবঢ়ায়। পৰৱৰ্তী কাৰ্যসূচীত গণিত আৰু বিজ্ঞান বিষয়ৰ আৰ্হি প্ৰদৰ্শনৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় য'ত বিদ্যালয় খনৰ দ্বিতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী সকলে গণিতৰ বিভিন্ন সূত্ৰৰ তালিকা আৰু বিজ্ঞানৰ বিভিন্ন মডেল প্ৰদৰ্শন কৰে। উক্ত প্ৰদৰ্শনী মুকলি কৰে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বিশিষ্ট প্ৰকৃতিবিদ ড০ অমৰেন্দ্ৰ নাথ দত্তই। পৰৱৰ্তী কাৰ্যসূচীত অনুষ্ঠিত কৰা হয় এখনি তৰ্ক প্ৰতিযোগিতা। দুটা শাখাত অনুষ্ঠিত হোৱা এই তৰ্ক প্ৰতিযোগিতাৰ 'ক' শাখাত নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিষয় আছিল ' কৃত্ৰিম বুদ্ধিমত্তাই
অনাগত ভৱিষ্যতৰ মানৱ জাতিক পংগু কৰিব'। আনহাতে সপ্তম আৰু অষ্টম শ্ৰেণীৰ দ্বাৰা গঠিত ' খ ' শাখাৰ বিষয় আছিল ' বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে সমগ্ৰ মানৱ জাতিৰ সৰ্বাংগীন উন্নতি সাধন কৰিব '। দুয়োটা শাখাতে কুৰিৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ড০ পলাশ সন্দিকৈ আৰু যুৱ তাৰ্কিক তথা বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মৃগাংক শেখৰ কোঁৱৰ। ' ক ' শাখাৰ প্ৰতিযোগিতাত অধ্যক্ষৰ আসন অলংকৃত কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সন্মানীয় সভাপতি ডাঃ অজিত বৰুৱাই। আনহাতে 'খ' শাখাত সদনৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰে বিদ্যালয়ৰ অধ্যক্ষা স্মৃতিৰেখা বৰাই। বিদ্যালয়ৰ গণিত আৰু বিজ্ঞান বিষয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক অচিন্ত দত্তই আঁত ধৰা অনুষ্ঠানত বিদ্যালয় খনৰ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে আখটাৰ হুছেইন, নজৰুল হুছেইন, অঞ্জলী বৰুৱা, ৱাহিদুৰ ৰহমান, মৃত্যুঞ্জয় ঘোষ, মৌচুমী শইকীয়া, ধ্ৰুৱজ্যোতি ৰাজখোৱা, গীতাঞ্জলী দেৱী, সুশান্তিকা কৌশিক আৰু সিদ্ধাৰ্থ সন্দিকৈৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দই সক্ৰিয় সহযোগিতা আগবঢ়ায়।