Dec 7th, 2025 |

icon

Need Help? call us free

9435444086

News & Updates

পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ জন্মদিন উপলক্ষে 'শিশু দিৱস' গোলাঘাট জাতীয় বিদ্যালয়ত প্ৰতি বছৰৰ দৰে এইবাৰো ১৪ নৱেম্বৰ দিনটো এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।

Nov 20th, 2025

পণ্ডিত জৱাহৰলাল নেহৰুদেৱৰ জন্মদিন উপলক্ষে 'শিশু দিৱস' গোলাঘাট জাতীয় বিদ্যালয়ত প্ৰতি বছৰৰ দৰে এইবাৰো ১৪ নৱেম্বৰ দিনটো এক বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।বিদ্যালয়ৰ নিম্ন শাখাৰ ছাত্ৰ-ছাত্ৰী সকলৰ নৃত্য-গীত-নাটৰ বাৰেৰহণীয়া কাৰ্য্যসূচীয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আজিৰ এই বিশেষ দিনটোতে গোলাঘাট জাতীয় বিদ্যালয়ৰ বাৰ্ষিক আলোচনী "ঐকান্তিক" উন্মোচন কৰা হয়, উন্মোচন কৰে সন্মানীয় ড° জুৰী দেৱী ডাঙৰীয়ানী তথা আজিৰ এই বিশেষ দিনটিত বিদ্যালয়ত এখনি‌ শিশু উদ্যান উন্মোচন‌ কৰে বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সন্মানীয় সভাপতি ডা° অজিত বৰুৱা ডাঙৰীয়াই। তাৰিখ-১৪/১১/২০২৫ স্থান - যোগেন-পূণ্যপ্ৰভা প্ৰেক্ষাগৃহ, গোলাঘাট জাতীয় বিদ্যালয়।