Jan 22nd, 2026 |

icon

Need Help? call us free

9435444086

News & Updates

গোলাঘাট জাতীয় বিদ্যালয়ৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৫ জানুৱাৰী ২০২৬ তাৰিখে। এই উপলক্ষে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱা দেৱে।

Jan 21st, 2026

গোলাঘাট জাতীয় বিদ্যালয়ৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৫ জানুৱাৰী ২০২৬ তাৰিখে। এই উপলক্ষে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱা দেৱে। পতাকা উত্তোলন থলীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অসমৰ জাতীয় সংগীত পৰিৱেশন কৰে। স্মৃতি তৰ্পণ কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বিশিষ্ট প্ৰকৃতিবিদ ড০ অমৰেন্দ্ৰ নাথ দত্তই তথা পুস্পাঞ্জলি অৰ্পণ কৰে অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক আৰু বিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সভাপতি শ্ৰদ্ধাৰ ড০ জুৰি দেৱী ডাঙৰীয়ানী, বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱা দেৱে, বিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ স্মৃতিৰেখা বৰা ডাঙৰীয়ানী আৰু উপাধ্যক্ষ শ্ৰদ্ধাৰ বনশ্ৰী কাকতি ডাঙৰীয়ানী, বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সদস্যা শ্ৰীযুতা চফিয়া হুছেইন ডাঙৰীয়ানী, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা শ্ৰদ্ধাৰ লনী ফুকন ডাঙৰীয়ানী তথা বিদ্যালয়ৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলে।বিদ্যালয়ৰ যোগেন পূণ্যপ্ৰভা প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বিদ্যালয় গীত পৰিবেশন কৰা হয় ।ইয়াৰ পিছতেই বিশেষ সম্বৰ্ধনা অনুষ্ঠান তথা দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ চিত্ৰাংকন প্ৰতিযোগিতা আৰু উচ্চ শাখাৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা (ইংৰাজীত) অনুষ্ঠিত কৰা হয়। বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী তথা সুলেখিকা অৰূপা নাথ ডাঙৰীয়ানী আৰু গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা , কবি ,অনুবাদক তথা ভবেন্দ্ৰ নাথ শইকীয়া শিশু সাহিত্য বঁটা বিজয়ী দিগন্ত শইকীয়া ডাঙৰীয়া। এই অনুষ্ঠানৰ পিছতেই বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ বটা বিতৰণী অনুষ্ঠিত কৰা হয়। গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ষড়াননী বৰদলৈ খাউণ্ড সোঁৱৰণী বিজ্ঞানাগাৰ পৰিদৰ্শন কৰে প্ৰকৃতিবিদ ড০ অমৰেন্দ্ৰ নাথ দত্ত ডাঙৰীয়াই। বিদ্যালয়ৰ আজি ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ড০ দত্তই বিদ্যালয়ৰ বিজ্ঞানাগাৰলৈ কেইবাটাও দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণীৰ specimen ( নমুনা) প্ৰদান কৰে।