শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ তিথিৰ লগত সংগতি ৰাখি গোলাঘাট জাতীয় বিদ্যালয়ত আজি এখনি কুইজ প্ৰতিযোগিতা তথা বঁটা বিতৰণি সভা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনিৰ পৰিচালক সুনয়ন গগৈ , অভিনৱ শইকীয়া, সহ পৰিচালক হৰ্ষছায়া বৰা, যান্ত্ৰিক কাৰ্য ভৈৰৱজ্যোতি শইকীয়া, প্ৰত্যুষ দুৱৰা আৰু সদৌ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সহযোগিতা আগবঢ়াই কুইজ প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলে।
তাৰিখ-২১/০৮/২০২৫
স্থান- যোগেন পূণ্যপ্ৰভা প্ৰেক্ষাগৃহ, গোলাঘাট জাতীয় বিদ্যালয়।