গোলাঘাট জাতীয় বিদ্যালয়ৰ বাকৰিত ছাত্ৰ-ছাত্ৰীসকলৰ কণ্ঠ উদ্ভাসিত গীত নৃত্যৰ সন্মোহিত সমাহাৰ, শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত। বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তথা প্ৰত্যেক গৰাকী ছাত্ৰ - ছাত্ৰীৰ সহযোগত আয়োজন কৰা শিক্ষক দিৱসৰ অনুষ্ঠান আৰু বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগুৰুসকলৰ প্ৰতি থকা মৰম, স্নেহ আৰু দায়বদ্ধতাক বিদ্যালয়ৰ তৰফৰ পৰা শলাগ লোৱা হৈছে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হ'ল।