Sep 13th, 2025 |

icon

Need Help? call us free

9435444086

News & Updates

১২ আগষ্ট, ২০২৫ তাৰিখে গোলাঘাট জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস পালন কৰা হয়।

Aug 19th, 2025

১২ আগষ্ট, ২০২৫ তাৰিখে গোলাঘাট জাতীয় বিদ্যালয়ত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস পালন কৰা হয়। গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃস্বৰূপ পদ্মশ্ৰী ড° এছ. আৰ. ৰংগনাথনৰ স্মৃতি ৰক্ষাৰ্থে আৰু গ্ৰন্থাগাৰ পৰিচালনাৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ সন্মান জনাই সমগ্ৰ ভাৰতবৰ্ষতে আয়োজিত কৰা "ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস"(National Librarian's Day) ৰ লগত সংগতি ৰাখি গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাতঃসভাত ড° এছ. আৰ. ৰংগনাথনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সন্মানীয় অধ্যক্ষ শ্ৰীযুতা স্মৃতিৰেখা বৰা আৰু উপাধ্যক্ষ শ্ৰী যুতা বনশ্ৰী কাকতিয়ে। এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী উজ্জিৱীতা দেৱ ফুকনে এটি সুন্দৰ বক্তৃতা আগবঢ়ায় তথা বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী সৃষ্টি দৰ্শনী দুৱৰাই পুথিভঁৰাল সম্পৰ্কে বক্তৃতা আগবঢ়ায়।