গোলাঘাট জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্ৰাত:সভাত বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলোৱে পৰিৱেশ সংৰক্ষণ আৰু প্লাষ্টিক নিৰ্মূলকৰণৰ শপতবাক্য লয়। এই দিৱসৰ লগত সংগতি ৰাখি ষষ্ঠ , সপ্তম আৰু অষ্টম শ্ৰেণীৰ মাজত (অসমীয়া আৰু ইংৰাজী)ত শ্ল'গান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই দিৱস উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক কাৰ্য্যালয় গোলাঘাটৰ সৌজন্যত চাফাই ও গছপুলি ৰোপণ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।