Sep 13th, 2025 |

icon

Need Help? call us free

9435444086

News & Updates

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩ জানুৱাৰীৰ পৰা আৰম্ভ হয় গোলাঘাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণী অনুষ্ঠান।

Jan 5th, 2025

[তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩ জানুৱাৰীৰ পৰা আৰম্ভ হয় গোলাঘাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণী অনুষ্ঠান। প্ৰথম দিনা অৰ্থাৎ ৩ জানুৱাৰীৰ পুৱা ২৫ খন পতাকা উত্তোলন কৰি বিদ্যালয় খনৰ গৌৰৱোজ্জ্বল ২৫ বৰ্ষৰ শুভাৰম্ভণি কৰা হয়। মূল পতাকা উত্তোলন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱাই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰা হয়। প্ৰথমদিনাৰ মূল কাৰ্যসূচী আছিল গোলাঘাট জাতীয় বিদ্যালয় বঁটা প্ৰদান আৰু এইবাৰ এই বঁটা আগবঢ়োৱা হৈছে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব তথা জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ ডাঃ নাৰায়ণ শৰ্মাক। সন্ধিয়া গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাথমিক শাখাৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।