Jul 4th, 2025 |

icon

Need Help? call us free

9435444086

Events

গোলাঘাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বিশেষ অনুষ্ঠান:

Apr 23rd, 2025 10:00 am - 01:00 pm Own Auditorium

গোলাঘাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বিশেষ অনুষ্ঠান:
"বিশ্ব গ্ৰন্থ দিৱস" উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাংগণত গোলাঘাট জাতীয় বিদ্যালয়ৰ অভিভাৱক সমিতিৰ সহযোগত বিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ গ্ৰন্থ দানৰ এটি মহৎ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।  এই বিদ্যালয়ৰ ছাত্ৰী উজ্জিৱীতা দেৱ ফুকনে "বিশ্ব গ্ৰন্থ দিৱস" উপলক্ষে এটি সুন্দৰ বক্তৃতা আগবঢ়ায়। লগতে বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ৰ যোগেন পূণ্যপ্ৰভা প্ৰেক্ষাগৃহত 'গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা' সম্পৰ্কে এখনি  বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই বক্তৃতানুষ্ঠানৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মাননীয় ড° মানস প্ৰতীম বৰা ডাঙৰীয়াই তেখেতৰ বহুমূলীয়া বক্তব্যৰে সকলোকে উপকৃত কৰে ।
স্থান - গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰাংগণ আৰু  যোগেন পূণ্যপ্ৰভা প্ৰেক্ষাগৃহ। 
তাৰিখ-২৩/০৪/২০২৫